টীয়কৰ পৰ্বতীয়া গাঁৱৰ নৱনিৰ্মিত নামঘৰ উদ্বোধন ও গুৰুআসন প্ৰতিষ্ঠা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত
আজি টীয়কৰ পৰ্বতীয়া গাৱঁৰ নৱনিৰ্মিত নামঘৰ উদ্বোধন আৰু গুৰু আসন প্ৰতিষ্ঠাৰ এক অনুষ্ঠান অনুষ্ঠিত হয়।এই লৈ পুৱা উষা কীৰ্ত্তন, পৰিবেশ নিকাকৰণ,ধৰ্মধ্বজা উত্তোলন,স্মৃতি তৰ্পণ পাছতে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ মহিমাবাৰীৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভৱকান্ত গোস্বামীয়ে আধ্যাত্মিক পৰিবেশত গুৰু আসন প্ৰতিষ্ঠা কৰে আৰু তাৰ পাছত শৰাই প্ৰতিষ্ঠা ও নাম প্ৰসংগ অনুষ্ঠিত হয়।তাৰ পাছতে অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ জিতেন বৰুৱাৰ সভাপতিত্বত এখনি মূল সভা অনুষ্ঠিত কৰে উদ্যোক্তাসকলে।উক্ত অনুষ্ঠানত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি,শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামী,দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামী, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সভাৰ সৌস্তৱ বৃদ্ধি কৰে।উল্লেখযোগ্য যে গুৰু আসন প্ৰতিষ্ঠাৰ এই আধ্যাত্মিক অনুষ্ঠানত মন্ত্ৰীগৰাকী উপস্থিত হৈ নেদেখাজনৰ চৰণত সেৱা লৈ মহাপুৰুষ দুজনাৰ অসমীয়া সমাজখন একত্ৰিত কৰি ৰখাৰ উদ্দেশ্যি নামঘৰকে ধৰি গীত মাত বাদ্যৰ সৃষ্টি কৰিলে তাৰ আৰ্হিৰে আজিও অসমীয়া সমাজে এইদৰে সুন্দৰভাৱে নামঘৰ প্ৰতিষ্ঠা কৰাতো অতি আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি সদৰি কৰি আগলৈও এইদৰে আধ্যাত্মিকতা পৰিবেশ সৃষ্টিৰে সমাজখন সুচাৰুৰূপে চলাই নিব বুলি আশা প্ৰকাশ কৰিছে।ইপিনে ইয়াৰ পূৰ্বে টীয়কৰ পৰ্বতীয়াৰ গাঁৱৰ ৫৬নং বুথৰ মন কী বাত অনুষ্ঠানত মন্ত্ৰীগৰাকী উপস্থিত থাকি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই পদক্ষেপক আদৰণি জনায়।লগতে ৰাহুল গান্ধী সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এয়া ন্যায়ালয়ৰ নিৰ্দেশনা আৰু সকলোৱে এয়া মানি লোৱাতো উচিত বুলি মন্তব্য কৰে।