ৰাহুল গান্ধীৰ সাংসদ পদ খৰিজ কৰাৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দ্দেশমৰ্মে আজি সমগ্ৰ ভাৰতৰ ৭০০ খন জিলাত দিনজোৰা সংকল্প সত্যগ্ৰহ আন্দোলনৰ কাৰ্যসুচী গ্ৰহন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে৷
ইয়াৰ সমান্তৰালভাৱে নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি সুঠাকন্ঠ ড° ভুপেন হাজৰিকা শিশু উদ্যানৰ সম্মুখতো দিনজোৰা সংকল্প সত্যাগ্ৰহ আন্দোলনৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।
উক্ত কাৰ্য্যসূচীত জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এছ ইউ আই তথা ৰাইজৰ দলৰ লগতে চিপিআই এম তৃণমূল কংগ্ৰেছআদি দলে উক্ত কাৰ্যসুচীত অংশগ্ৰহণ কৰে।