Daily Time Axom

পুনৰ বেয়া খবৰ, হোটেলৰ কোঠাত আত্মহত্যা কৰিলে ভোজপুৰী নায়িকাই

0 36


ৰূপালী পৰ্দাৰ আন এগৰাকী তাৰকাৰ আত্মহত্যা।

দেওবাৰে বাৰাণসীত শ্বুটিং কৰি থকা অৱস্থাত হোটেলৰ কোঠাত আত্মহত্যা কৰে ভোজপুৰী অভিনেত্ৰী আকংক্ষা ডুবেই। মাত্ৰ ২৫ বছৰ বয়সতে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী টুনিশা শৰ্মাৰ আত্মহত্যাৰ স্মৃতি এতিয়াও সতেজ হৈ আছে। ইফালে মনোৰঞ্জনৰ জগতখনত পুনৰ একেই ঘটনা ঘটিল। আগন্তুক ছবিখনৰ শ্বুটিঙৰ বাবে বাৰাণসীলৈ গৈছিল আকংক্ষা। শ্বুটিঙৰ পিছত অভিনেত্ৰীগৰাকী তাত থকা সাৰনাথ হোটেললৈ যায়। পিছত তাত থকা কোঠাতে তেওঁৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হয়। মৃত্যুৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ভোজপুৰী চলচ্চিত্ৰ জগতৰ ‘ড্ৰিম গাৰ্ল’ হিচাপে পৰিচিত আকংক্ষা। মিৰ্জাপুৰৰ বিন্ধ্যাচলৰ বাসিন্দা। ডাঙৰ হৈ পিতৃ-মাতৃৰ সৈতে মুম্বাইলৈ গুচি যায়। পৰিয়ালটোৰ সপোন আছিল যে তেওঁ আই পি এছ বিষয়া হ’ব। কিন্তু আকাংক্ষাৰ সপোন ৰূপালী পৰ্দাত তেওঁ তৰা হিচাপে জিলিকি উঠিব। ‘মেৰী জং মেৰা ফইছলা’ তেওঁৰ প্ৰথমখন ছবি আছিল। এখন এখনকৈ তেওঁৰ ‘মুজছে ছাদি কৰোগী’ (ভোজপুৰী), ‘বীৰোণ কে বীৰ’, ‘ফাইটাৰ কিং’, ‘কছাম পাইদা কৰ্ণে’, ‘কে আই ২’ আদি ছবি আছে।

শেহতীয়াকৈ আকংক্ষাই সহ অভিনেতা সমৰ সিঙৰ সৈতে নিজৰ সম্পৰ্ক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল। চলিত বৰ্ষৰ ভেলেণ্টাইন ডে’ত তেওঁ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল।পিছে তেওঁৰ মৃত্যুৰ বাবে প্ৰেম দায়ী নেকি? সেই দিশটো নজৰ ৰাখিছে প্ৰশাসনে।

Leave A Reply

Your email address will not be published.