ৰঙিয়াৰ বিকাশৰ বাবে এদিন তথা জনতাৰ মাজলৈ বিকাশৰ ভাগীৰথী যাত্ৰা।
কামৰূপ জিলাৰ ৰঙিয়া বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবাটাও আধাৰশিলা স্থাপন কৰে।
ৰঙিয়া এচ কে ১২ ৰে’লগেটত উৰনীয়া সেতুৰ আধাৰশিলা স্থাপন।ৰঙিয়া এচ কে ৰেলগেটত উৰনীয়া সেতুৰ আধাৰশিলা স্থাপন।বিধায়ক আদৰ্শ বিদ্যালয় ভৱনৰ শুভাৰম্ভনি।আৰিমত্ত মিনি ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভণি।
ৰঙিয়া সমষ্টিক বানমুক্ত কৰাৰ লক্ষ্যৰে কেবাটাও ভগ্ন মথাউৰিৰ আধাৰশিলা স্থাপন।
মুখ্যমন্ত্ৰীৰ পথ পকীকৰণৰ আঁচনিৰ অধীনত ৰঙিয়াত তিনিটাকৈ গুৰুত্বপূৰ্ণ পকী পথৰ আধাৰশিলা স্থাপন।
ৰঙিয়াত অসমৰ ভিতৰতে প্ৰথমটো নৱ নিৰ্মাণ হব লগীয়া সংহত ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি।
ৰঙিয়াত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন।
আধাৰশিলা অনুষ্ঠানৰ পিছত এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰঙিয়াবাসীৰ লগতে অসমৰ সকলোতে উন্নয়ন দেখিবলৈ পোৱা গৈছে বুলি মন্তব্য কৰে।
নিজৰ ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ৰঙিয়াত মুখ্যমন্ত্ৰীৰ মন্তব্য অহা ১৪ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই নলবাৰী মেডিকেল কলেজ আৰু চাংসাৰিৰ AIIMS উদ্বোধন কৰিব
বাইহাটা চাৰিআলিৰ গুৱাহাটী আৰু গোৰেশ্বৰ সংযোগী পথৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণ কৰা হব।
অনুষ্ঠানত অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতা সাংসদ দিলিপ শইকীয়া ৰাজ্য সভাৰ সাংসদ ভূবেনেশ্বৰ কলিতা ৰাজ্য সভাৰ সাংসদ প্ৰবিত্ৰ মাৰ্ঘেৰিটা অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লী কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ হাজোৰ বিধায়ক চুমন হৰিপ্ৰিয়া পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়াৰ লগতে বিজেপি দলৰ জেষ্ঠ কাৰ্যকৰ্তা উপস্থিত থাকে