Daily Time Axom

আজি অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা, ১৪৪ ধাৰা জাৰি জিলা প্ৰশাসনৰ

0 45

নিউজ ডেস্ক, ২৬ মাৰ্চঃ আজি অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা। সমগ্ৰ ৰাজ্যৰ ৩১টা পৰীক্ষা কেন্দ্ৰত ৭৪,৩৬৪ গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। কটকটীয়া নিৰাপত্তাৰ মাজত মুঠ ৯১৩ টা পদৰ বাবে APSC পৰীক্ষা অনুষ্ঠিত কৰা হয়। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যৱধানত জিলা প্ৰশাসনে এক নিৰ্দেশনাযোগে ১৪৪ ধাৰা জাৰি কৰিছে। লগতে পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ বাবে অসম লোকসেৱা আয়োগে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম জাৰি কৰিছে।

পুৱা ১০ বজাৰ পৰা ১২ বজালৈ প্ৰথম ভাগ পৰীক্ষা আৰু দিনৰ ২ বজাৰ পৰা ৪ বজালৈ ২য় ভাগ পৰীক্ষাৰ সময় নিৰ্ধাৰিত কৰা হৈছে। এই পৰীক্ষাত পৰিচয় পত্ৰ আৰু এডমিট কাৰ্ডৰ বাহিৰে পৰীক্ষাৰ্থীক কোনো সামগ্রী পৰীক্ষা হললৈ নিবলৈ দিয়া নাই।

Leave A Reply

Your email address will not be published.