নিউজ ডেস্ক, ২৬ মাৰ্চঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ। সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বাবে আহিব মুখ্য নিৰ্বাচন আয়ুক্ত৷ অসমলৈ আহিব মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ৷ নিৰ্বাচন আয়ুক্ত অনুপ পাণ্ডে আৰু অৰুণ গোৱেলো ৷
ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই সদৰি কৰা মতে ২৭ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল আৰু আঞ্চলিক দলৰ সৈতে কৰিব আলোচনা নিৰ্বাচন আয়োগে ৷ এই আলোচনা হ’ব হোটেল ৰেডিছন ব্লু’ত ৷
২৭ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ ৰাজনৈতিক দলৰে হ’ব বৈঠক। ১ বজাৰ পৰা নাগৰিক প্ৰতিনিধি, সামাজিক সংগঠনৰে বৈঠকত মিলিত হ’ব। ২৮ মাৰ্চৰ বিয়লি সংবাদ মাধ্যমক সম্বোধন কৰিব মুখ্য নিৰ্বাচন আয়ুক্তই। ৫ এপ্ৰিলৰ পাছত প্ৰকাশ পাব সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা।