আজি আৰম্ভ হোৱাৰ এক মিনিটৰ ভিতৰতে স্থগিত ৰখা হয় লোকসভাৰ কাৰ্য্যবিধি

ৰাহুলৰ সাংসদ পদ নাকচ কৰাত কংগ্ৰেছ আৰু বাকী বিৰোধীৰ প্ৰতিবাদৰ বাবেই ক্ৰমে বিয়লি ৪ বজালৈ স্থগিত ৰখা হয় লোকসভাৰ কাৰ্য্যবিধি। লোকসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ কেইমিনিটমানৰ ভিতৰতে অধ্যক্ষই কাৰ্যসূচী স্থগিত ৰখাৰ কথা ঘোষণা কৰে।

ওম বীৰলাই আসন লোৱাৰ লগে লগে ক’লা পোছাক পৰিহিত কংগ্ৰেছৰ সাংসদসকলে তেওঁলৈ কাগজ-পত্ৰ দলিয়াবলৈ ধৰে। এই ঘটনাৰ পিছত অধ্যক্ষই কয়, “মই সংসদ মৰ্যাদাৰে চলাব বিচাৰো।”তাৰ পিছত তেওঁ নিম্ন সদনৰ কাৰ্য্যবিধি বিয়লি ৪ বজালৈ স্থগিত ৰাখে।

ৰাজ্যসভাতো কংগ্ৰেছ আৰু অন্যান্য বিৰোধী সাংসদৰ প্ৰতিবাদৰ বাবে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে বিয়লি দুই বজালৈ স্থগিত ৰাখে।

সোমবাৰে পুৱা কংগ্ৰেছে গণতন্ত্ৰ ৰক্ষাৰ বাবে কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গৰ নেতৃত্বত বিৰোধী দলৰ সৈতে বৈঠকত মিলিত হয়। আন বিৰোধী দলৰ দৰে তৃণমূলেও এই বৈঠকত যোগদান কৰে। কংগ্ৰেছৰ লগতে কেইবাজনো বিৰোধী সাংসদে লোকসভাত ক’লা পোছাক পৰিধান কৰি ৰাহুলে সদস্যপদ প্ৰত্যাখ্যান কৰাৰ প্ৰতিবাদত দেখা গ’ল।

AssamAssamese NewsDaily time axomIndiaNew Delhi
Comments (0)
Add Comment