শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে আপোনজনৰ বা ওচৰ-চুবুৰীয়া আন মানুহৰ শৰীৰৰ গোন্ধই সামাজিক উদ্বেগ হ্ৰাস কৰাত সহায় কৰিব পাৰে। ছুইডেনৰ কেৰ’লিনস্কা ইনষ্টিটিউটৰ এদল গৱেষকৰ মতে ঘামৰ নিজস্ব গোন্ধ নাথাকে। ঘামত কি যৌগ মিহলি হয় সেয়া নিৰ্ভৰ কৰে এজন ব্যক্তিৰ মনৰ বিভিন্ন স্তৰৰ ওপৰত।

অধ্যয়নত দেখা গৈছে যে, প্ৰাৰম্ভিক পৰ্যায়ত ঘামত থকা এই যৌগবোৰৰ পৰা ৰাসায়নিক সংকেতে সামাজিক উদ্বেগ নিয়ন্ত্ৰণ কৰাত বহুখিনি সহায় কৰে। আমেৰিকাত বাস কৰা প্ৰায় ডেৰ লাখ লোক সামাজিক উদ্বেগজনক বিকাৰ বা ‘SAD’ত আক্ৰান্ত। কভিড মহামাৰীৰ পিছত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।
১৫ৰ পৰা ৩৫ বছৰ বয়সৰ ৪৮ গৰাকী মহিলাই এই অধ্যয়নত অংশগ্ৰহণ কৰে। গৱেষকসকলে তেওঁলোকক তিনিটা গোটত ভাগ কৰিছিল। তেওঁ দুদিন ধৰি তেওঁলোকৰ ওপৰত এই গোন্ধ-চিকিৎসা পৃথকে পৃথকে চলাইছিল। অধ্যয়নৰ শেষত তেওঁলোকে দেখিলে যে প্ৰচুৰ ঘাম ওলোৱা লোকৰ সংস্পৰ্শত থকা মহিলাসকলৰ উদ্বেগ প্ৰায় ৩৯ শতাংশ কম। গৱেষক এলিছা বিগনাই কয়, ‘আমি নিশ্চিত যে ঘামৰ সৈতে শৰীৰৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক যৌগবোৰে উদ্বেগ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা ৰাখে। কিন্তু এই সন্দৰ্ভত অধিক গৱেষণাৰ প্ৰয়োজন।”