Daily Time Axom

‘সাংবিধানিক অধিকাৰ ৰক্ষা কৰক, দেশ বচাওক’, মমতাৰ ৰাষ্ট্ৰপতিক আহ্বান

0 30

দেশৰ সাংবিধানিক মূৰব্বীক সাক্ষাৎ কৰি সংবিধান ৰক্ষাৰ বাবে আবেদন জনায় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ সোঁৱৰাই দিয়ে যে ভাৰতৰ মৌলিক ভেঁটি হৈছে বৈচিত্ৰ্যৰ ঐক্য। সেই বৈচিত্ৰ্য ৰক্ষাৰ দায়িত্বৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে।

সোমবাৰে কলকতাত উপস্থিত হয় ৰাষ্ট্ৰপতি দৌপদী মুৰ্মু। সন্ধিয়া নেতাজী ইনড’ৰ ষ্টেডিয়ামত তেওঁৰ বাবে এক নাগৰিক অভ্যৰ্থনাৰ আয়োজন কৰা হয়। ৰাজ্যপাল চি ভি আনন্দ বসু, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে ধৰি অন্যান্য ৰাজ্যিক মন্ত্ৰীসকল উপস্থিত থাকে। মুখ্যমন্ত্রীয়ে তাত ভাষণ দিবলৈ থিয় হৈ ৰাজ্যৰ অগ্রগতিৰ ওপৰত আলোকপাত কৰে ৷ আনহাতে তেওঁ সোঁৱৰাই দিবলৈ নাপাহৰিলে যে বংগ এতিয়া মডেল হৈ পৰিছে। কেৱল কেন্দ্ৰই নহয়, আন্তঃৰাষ্ট্ৰীয় মঞ্চত বংগৰ বহু প্ৰকল্পকো সন্মান জনোৱা হৈছে। মমতাই আজি মঞ্চত সেই কথা চমুকৈ আলোকপাত কৰে।

ভাষণ শেষ হোৱাৰ আগতেই তেওঁ ৰাষ্ট্ৰপতিক অনুৰোধ জনায়। তেওঁৰ ভাষাত “দেশৰ সাংবিধানিক মূৰব্বী আমাৰ মাজত উপস্থিত আছে।” তেওঁৰ ওচৰত মাত্ৰ এটা অনুৰোধ, দেশৰ সকলো জনসাধাৰণৰ সাংবিধানিক অধিকাৰ ৰক্ষা কৰক। সংবিধান ৰক্ষা কৰক। যিকোনো দুৰ্যোগৰ পৰা দেশক ৰক্ষা কৰক।” শেষত তেওঁ লগতে কয়, “বৈচিত্ৰ্যত ঐক্যই দেশৰ ভেটি, সেইটো মনত ৰাখিব লাগিব।”

জ্ঞাত মহলে বিশ্বাস কৰে যে মমতাই ৰাষ্ট্ৰপতিৰ ওচৰত কৰা অনুৰোধ যথেষ্ট তাৎপৰ্যপূৰ্ণ। দেশৰ শেহতীয়া পৰিস্থিতিত কেন্দ্ৰই ফেডাৰেল আন্তঃগাঁথনি ধ্বংস কৰা আৰু সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰিছে তৃণমূলৰ প্ৰধান মমতা বেনাৰ্জীয়ে। এনে পৰিস্থিতিত ৰাষ্ট্ৰপতিৰ আগত পুনৰ সংবিধান ৰক্ষাৰ দাবী জনায়।

Leave A Reply

Your email address will not be published.