Daily Time Axom

বটদ্ৰৱা উন্নয়ন খণ্ডৰ অধীনত নগাঁও জিলা দিৱস উদযাপন

0 26

অসমৰ এখন অতি পুৰণি জিলা হৈছে নগাঁও জিলা।

১৮৩৩ চনৰ ২৭ মাৰ্চত গঠন হোৱা নগাঁও জিলাক আগুৱাই লৈ যোৱাৰ লক্ষ্যৰে পোন প্ৰথমবাৰৰ বাবে নগাঁও জিলা প্ৰশাসনে আয়োজন কৰিছে নগাঁও জিলা দিৱস। জিলাখনৰ অন্তৰ্গত সকলো অনুষ্ঠান প্ৰতিষ্ঠানে আজি জিলা দিৱস উদযাপন কৰাৰ সমান্তৰাল কৈ বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত চহৰীয়া আদর্শগাঁৱৰ মুকলি মঞ্চত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীৰে জিলা দিৱস উদযাপন কৰা হয়। বটদ্ৰৱা খণ্ড উন্নয়ন বিষয়াৰ প্ৰচেষ্টাত খণ্ডটোৰ অভিযন্তা গিৰিশ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি শ্ৰী যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, প্ৰাক্তন সম্পাদক তথা বিশিষ্ট নাট্যকাৰ সাহিত্যিক ইন্দ্ৰ মোহন বৰুৱা, কটহগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ খাইৰুল ইছলাম, বটদ্ৰৱা উন্নয়ন খণ্ডৰ বিষয়া শিখা গগৈ, বটদ্ৰৱা উন্নয়ন খণ্ড সভাপতি ফকৰ উদ্দীন আলী আহমেদ, বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিতা হাজৰিকা বৰাৰ লগতে বৃহত্তৰ অঞ্চলৰ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.