ক’লা পোছাক পৰিধান কৰি সংসদ ভৱনৰ গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ

নিউজ ডেস্ক, ২৭ মাৰ্চঃ ক’লা পোছাক পৰিধান কৰি সংসদ ভৱনৰ গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ। সংসদলৈ ক’লা কাপোৰ পৰিধান কৰি যাত্ৰা কংগ্ৰেছ সাংসদৰ। শেহতীয়া ৰাহুল গান্ধী বিতৰ্কই দেশ জোকাৰি থকাৰ সময়তে আজি সংসদলৈ ক’লা কাপোৰ পৰিধান কৰি আহিল কংগ্ৰেছী সাংসদসকল।

সোমবাৰে লোকসভাৰ বিৰোধী সদস্যসকলে ক’লা কাপোৰ পিন্ধি উত্তাল কৰে পৰিৱেশ। প্ৰতিবাদত অংশগ্ৰহণ মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধীৰ।

লগতে আদানী গ্ৰুপৰ কেলেংকাৰীৰ সন্দৰ্ভতো প্ৰতিবাদ সাব্যস্ত কৰে। লোকসভাৰ সদস্যসকলে এই সন্দৰ্ভত ইডিকো প্ৰত্যাহ্বান জনাই কয় যে, শাসকীয় চৰকাৰলৈ ভয় কৰিহে ইডিয়ে আদানী গ্ৰুপৰ কেলেংকাৰীৰ সন্দৰ্ভত কোনো জেৰা বা তদন্ত চলোৱা নাই।

AssamAssamese NewsCongressDaily time axomIndiaMallikarjun KhargeNew DelhiprotestRahul GandhiSonia Gandhi
Comments (0)
Add Comment