ডফলাটিং চাহ বাগিচাৰ ৰাইজৰ উদ্যোগত ৪ নং লাইনৰ ৰাজহুৱা নামঘৰত আজিৰে পৰা অনুষ্ঠিত হৈছে ভাগৱত পাঠ।
চাহ বাগিচাৰ ৪ নং লাইনত থকা ৰাজহুৱা নামঘৰৰ
পৰা উলিওৱা ভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰাই আজি সমগ্ৰ অঞ্চলটোকে এক আধ্যত্মিক পৰিবেশশলৈ পৰিনত কৰে
সাত দিনীয়া কার্যসূচীৰে অনুষ্ঠিত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ অখণ্ড পাঠৰ প্ৰথম দিনা কাৰ্য্যসূচী ভাগৱত শোভাযাত্ৰা ।
ভাগৱতৰ ভক্তি ৰস সঞ্চাৰিত কৰাৰ লগতে ঐক্য শান্তি আৰু সম্প্ৰীতি কামনাৰে চাহ বাগিচাৰ ৪ নং লাইনৰ ৰাজহুৱা নামঘৰৰ পৰা ককিলা হৈ খোল তাল মৃদং আৰু হস্তীক আগে আগে লৈ হৰিনামৰ ধ্বনিৰে বাহিৰ কৰা হয় সাংস্কৃতিক শোভাযাত্ৰাত
সহস্ৰাধিক ভক্তপ্ৰাণ বৈষ্ণবে অংশ গ্ৰহণ কৰে ।এই শোভাযাত্ৰাৰ পাছতেই সাত দিনলৈ অনুষ্ঠিত হব অখণ্ড ভাগৱত পাঠ । শেষৰ দিনা ৰাতিলৈ হব দক্ষ যজ্ঞ সতীৰ প্ৰাণ ত্যাগ ভাওনা প্ৰদৰ্শন ।