Daily Time Axom

জ্যোতিচিত্ৰবনত আড়ম্বৰপূৰ্ণ অনুষ্ঠানঃ দীনেশ দাস,দ্বীপেন বৰুৱালৈ নিপন গোস্বামী জীৱনযোৰা সাধনা বঁটা ২০২২

36

গুৱাহাটী, ২৬ মাৰ্চ : গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আজি সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হয় এক বঁটা প্ৰদান অনুষ্ঠান৷অসমৰ যশস্বী অভিনেতা,পৰিচালক নিপন গোস্বামীৰ গৰিমা আৰু স্মৃতিক চিৰ সজীৱ কৰি ৰখাৰ মানসৰে “আৰ কে ইউনিভাৰ্চ “নামৰ সাংস্কৃতিক-সামাজিক কল্যাণকামী সংস্থাটোৱে মুখ্যতঃ চলচ্চিত্ৰ আৰু সংগীতৰ লগতে সাহিত্য, ক্ৰীড়া, শান্তি ৰক্ষা, শিক্ষা, স্বাস্থ্য আদি সেৱাসমূহলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিবিশেষক সন্মান জনোৱাৰ উদ্দেশ্যৰে নিপন গোস্বামীৰ সোঁৱৰণত আগবঢ়োৱা ২৬ টাকৈ বঁটা আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়৷

অনুষ্ঠানটিত পোনপ্ৰথমেই উদ্যোক্তাসকলে প্ৰয়াত শিল্পী নিপন গোস্বামীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য অতিথি হিচাপে উপস্থিত থকা জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে বন্তি প্ৰজ্বলন কৰে৷
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট উদ্যোগপতি,সমাজকৰ্মী,চলচ্চিত্ৰ প্ৰযোজক সঞ্জীৱ নাৰায়ণ,উচ্চ পদস্থ আৰক্ষী বিষয়া দেৱজিৎ হাজৰিকা উপস্থিত থাকে৷

বঁটা প্ৰদান অনুষ্ঠানটিত বহু গণ্য মান্য ব্যক্তি তথা ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মীসকলৰ উপস্থিতিত সংস্থাটিয়ে পূৰ্বে ঘোষিত ৫ টাকৈ বঁটাৰ লগতে নতুনকৈ ঘোষণা কৰা ২১ টা প্ৰদান কৰে৷

অসমৰ এগৰাকী বিশিষ্ট অভিনেতা দীনেশ দাস আৰু যশস্বী সংগীত শিল্পী দ্বীপেন বৰুৱাক আৰ কে ইউনিভাৰ্চে আগবঢ়োৱা নিপন গোস্বামী জীৱনযোৰা সাধনা বঁটা ২০২২ বঁটা প্ৰদান কৰে৷

সেইদৰে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া,কবি অভিনেতা পাৰ্থ সাৰথি মহন্তক আৰক্ষী সেৱাৰ বিশেষ অৱদানৰ বাবে,সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত সাহিত্যিক ,সাংবাদিক মনোজ কুমাৰ গোস্বামীক সংবাদ সেৱাৰ বিশেষ অৱদানৰ বাবে আৰু অৰ্জুন বঁটা প্ৰাপ্ত ক্ৰীড়াব্যক্তিত্ব নয়নমণি শইকীয়ালৈ ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা দক্ষতাৰ বাবে “নিপন গোস্বামী বঁটা ২০২২” প্ৰদান কৰা হয়৷

আৰ কে ইউনিভাৰ্চৰ অধ্যক্ষ কুন্তল কুমাৰ কৌশিক আৰু পৰিচালন সঞ্চালক ৰুণামণি কৌশিকৰ উদ্যোগত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত চলচ্চিত্ৰ, সংগীত, পৰিচালনা, সাহিত্য, সমাজসেৱা, চিকিৎসাসেৱা, উদ্যোগ ক্ষেত্ৰত অৱদান আগবঢ়োৱা মুঠ ২১গৰাকী লোককো নিপন গোস্বামী স্বীকৃতি বঁটা ২০২২ প্ৰদান কৰা হয়৷

চিনেমাৰ পৰিচালনা-অভিনয় আৰু সংগীতৰ ক্ষেত্ৰত নিপন গোস্বামী স্বীকৃতি বঁটা লাভ কৰে “ৰাজনীতি” চিনেমাৰ পৰিচালক মনোজিৎ শৰ্মা আৰু প্ৰযোজক বিকাশ সাহা আৰু অসীম নাথে ৷

আনহাতে সমালোচকৰ বিশেষ বঁটা লাভ কৰি ” গড অন দ্যা বেলকনি” চিনেমাৰ পৰিচালক বিশ্বজিৎ বৰা আৰু প্ৰযোজক নুৰুল চুলতানে লাভ কৰে নিপন গোস্বামী স্বীকৃতি বঁটা৷

“ব্ৰীজ” চিনেমাৰ পৰিচালক কৃপাল কলিতা,নৱাগত পৰিচালক কুলনন্দিনী মহন্ত(এমুঠি পুঠি) নৱাগত সংগীত পৰিচালক সৌৰভ মহন্ত(উপসৰ্গ) অভিনেত্ৰী আইমী বৰুৱা (শ্বেমখৰ), অভিনেতা কমল লোচন,নৱাগত অভিনেতা কিংকৰ নাথ,নৱাগত অভিনেত্ৰী শিৱা কলিতা,নেপথ্য কণ্ঠশিল্পী অৰূপ জ্যোতি বৰুৱা,(একলব্য), নেপথ্য কণ্ঠশিল্পী কাব্যশ্ৰী বৰা ,বুম্বা ৰাইড চিনেমাৰ শিশু শিল্পী ইন্দ্ৰজিৎ পেগুলৈয়ো নিপন গোস্বামী স্বীকৃতি বঁটা আগবঢ়োৱা হয়৷

সেইদৰে যুৱ উদ্যোগী ড° অক্ষতা নাৰায়ণ, ঔপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্য,ব্যৱসায়ী স্তুতি হাজৰিকা,সমাজসেৱক অধিৰ চন্দ্ৰ দাস,দন্ত চিকিৎসক ডা° ৰীতি কৌশিক,মহিলা উদ্যোগী প্ৰীতিক্ষা বৰকটকীক নিজৰ নিজৰ কৰ্মক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে নিপন গোস্বামী স্বীকৃতি বঁটা ২০২২ প্ৰদান কৰা হয়৷

Comments are closed, but trackbacks and pingbacks are open.