Daily Time Axom

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা, গঁড় হত্যা কৰি খৰ্গ লৈ উধাও চোৰাং চিকাৰী

0 27

নিউজ ডেস্ক, ২৭ মাৰ্চঃ পুনৰ অসমত গঁড় হত্যাৰ ঘটনা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত পুনৰ গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছে। গঁড় হত্যা কৰি খৰ্গ কাটি লৈ উধাও হ’ল চোৰাংচিকাৰী। ৪ বছৰৰ পাছত পুনৰ সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনা। ২০১৯ চনৰ পৰা বাগৰি, বুঢ়াপাহাৰ ৰেঞ্জত হোৱা নাছিল গঁড় হত্যা। বাগৰিৰ কাঠপৰা বন শিবিৰৰ বৰমাৰ বিলত উদ্ধাৰ হৈছে খৰ্গবিহীন মৃত গঁড়টো । ৬-৭ দিন পূৰ্বে গঁড়টো হত্যাৰ কৰাৰ সন্দেহ উদ্যান কৰ্তৃপক্ষৰ। দেওবাৰে বন বিভাগে উদ্ধাৰ কৰে খৰ্গবিহীন মৃত গঁড়টো । ইতিমধ্যে বন বিভাগ, আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। এই সমগ্ৰ তথ্য জানিবলৈ দিয়ে DFO ৰমেশ কুমাৰ গগৈয়ে।

Leave A Reply

Your email address will not be published.