নিউজ ডেস্ক, ২৭ মাৰ্চঃ অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খোনছা কাৰাগাৰত ভয়ংকৰ ঘটনা। কনিষ্টবলক গুলীয়াই হত্যা কৰি পলায়ন দুই কয়দীৰ। পলায়ন কৰা কয়দী দুটা NSCN K(NS)ৰ কেডাৰ বুলি জানিব পৰা গৈছে। কয়দী দুজনৰ নাম ৰকচেন হোমচা লোৱাং আৰু টিটপু কিটনিয়া।
দুই কয়দীয়ে কৰ্তব্যৰত কনিষ্টবলৰ পৰা AK47 কাঢ়ি নিয়ে। তাৰ পিছতে কনিষ্টবল ৱাংনিয়াম বছাইক গুলীয়াই হত্যা কৰি পলায়ন কৰে। দেওবাৰে বিয়লি সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।
কনিষ্টবলজনৰ পেটৰ অংশত গুলী লাগে আৰু সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণৰ সময়ত মৃত্যুক সাবটি লয়। আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি, কাঢ়ি নিয়া ৰাইফলটো লৈ পলায়ন কৰে।