Daily Time Axom

আমেৰিকাত পুনৰ এক গুলীচালনাৰ ঘটনা, তিনিটা শিশুসহ ছয়জন লোকৰ মৃত্যু

26

নিউজ ডেস্ক, ২৮ মাৰ্চঃ আমেৰিকাত পুনৰ এক গুলীচালনাৰ ঘটনা। সোমবাৰে নেচভিলেৰ প্ৰাথমিক বিদ্যালয়ত এগৰাকী মহিলা শ্বুটাৰে গুলীচালনা কৰে। অৱশ্যে, ঘটনাটোৰ আঁৰৰ কাৰণ আৰক্ষীয়ে এতিয়ালৈকে প্ৰকাশ কৰা নাই। খবৰ অনুসৰি, ঘটনাটোত তিনিটা শিশুসহ ছয়জন লোকৰ মৃত্যু হৈছে।

বিষয়াসকলে জনোৱা মতে, সোমবাৰে পুৱা প্ৰায় ১০ বজাত তেওঁলোকলৈ এটা জৰুৰীকালীন ফোন আহিছিল। ইয়াৰ পিছতেই, ১৫ মিনিটৰ ভিতৰত বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু সুৰক্ষা বাহিনীয়ে শ্বুটাৰজনক হত্যা কৰে। ঘটনাটোৰ আঁৰত মহিলাগৰাকীৰ উদ্দেশ্যৰ তদন্ত কৰা হৈছে বুলি এজন বিষয়াই জানিবলৈ দিয়ে।

Comments are closed, but trackbacks and pingbacks are open.