অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে বাংলা সাহিত্য সভাই

নিউজ ডেস্ক, ২৮ মাৰ্চঃ অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে বাংলা সাহিত্য সভাই। এক প্ৰেছ বিজ্ঞপ্তিযোগে বাংলা সাহিত্য সভাই কয় যে, বাংলা সাহিত্য সভা, অসমৰ প্ৰথম ৰাজ্যিক সন্মিলন উপলক্ষে অতিথি সম্বৰ্ধনাৰ ক্ষেত্ৰত অসমীয়া সমাজৰ ফুলাম গামোচাৰ সৈতে বাঙালী সমাজৰ মংগলঘট আৰু উৎসৱ আদিত ব্যৱহৃত গামচা সংযোগ কৰি নতুনকৈ এক সম্বৰ্ধনা বস্ত্ৰ কৰা হৈছিল।

এই সম্বৰ্ধনা বস্ত্ৰ আমি সৃষ্টি কৰা নহয়। আমাৰ উদযাপন সমিতিৰ অভ্যৰ্থনা উপ-সমিতিৰ উদীয়মান প্ৰজন্মৰ কিছুসংখ্যক সদস্যই সামাজিক মাধ্যমৰ এখন ফটোৰ পৰা এই নমুনা গ্ৰহণ কৰিছিল জানিবলৈ দিয়ে। লগতে ভাষিক উন্নয়ন পৰিষদৰ সভাপতি শিলাদিত্য দেৱৰ সন্মতি গ্ৰহণ কৰি এয়া প্ৰস্তুত কৰা হৈছিল বুলি উল্লেখ কৰা হৈছে বিবৃতিটোত।

বৰাক-ব্ৰহ্মপুত্ৰৰ মিলনৰ এক প্ৰতীকৰূপেই এয়া গ্ৰহণ কৰা হৈছিল বুলি উল্লেখ কৰি বাংলা সাহিত্য সভাই কয় যে, ‘‘একাংশ মানুহে এয়া গ্ৰহণ কৰা নাই। অজানিতে আমি যদি আঘাত দিছো, তাৰ বাবে দুখ প্ৰকাশ কৰিছো আৰু আগন্তুক দিনত যাতে এই ধৰণৰ পৰিস্থিতি নাহে, তাৰ প্ৰতি সচেতন থাকিম।’’

AssamAssamese NewsBangla Sahitya SabhaDaily time axomGamosaIndiaSilchar