নিউজ ডেস্ক, ২৮ মাৰ্চঃ সাংসদ পদ হেৰুওৱাৰ পাছত ৰাহুলে হেৰুৱাব সাংসদ হিচাপে লাভ কৰা চৰকাৰী বাসগৃহ।
দিল্লীৰ তুঘলক ৰোডত থকা চৰকাৰী আৱাসগৃহ খালী কৰিবলৈ ৰাহুল গান্ধীক সোমবাৰে নিৰ্দেশ দিছিল লোকসভাৰ হাউছিং বৰ্ডে। এই জাননী লাভ কৰিয়েই ৰাহুল গান্ধীয়ে অতি শীঘ্ৰে খালী কৰি দিব জানিবলৈ দিয়ে। লোকসভাৰ হাউছিং বৰ্ডলৈ পত্ৰ প্ৰেৰণ কৰি ৰাহুল গান্ধীয়ে জনায় যে- “এই আৱাসগৃহৰ সৈতে মোৰ বহু স্মৃতি জড়িত হৈ আছে। চৰকাৰে দিয়া নিৰ্দেশনা মই মানি লৈছো। নিদিৰ্ষ্ট সময়ৰ ভিতৰত মই আৱাসগৃহ খালী কৰিম।”
উল্লেখ্য যে, মোডী উপাধিক কেন্দ্ৰ কৰি কৰা এক মন্তব্যৰ বাবে চুৰাট সত্ৰ ন্যায়াধীশে ৰাহুলক ২ বছৰৰ কাৰাদণ্ড আৰু ১৫ হাজাৰ টকাৰ জৰিমণাৰে দণ্ডিত কৰাৰ লগতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাংসদ পদ খাৰিজ কৰিছিল।
Comments are closed, but trackbacks and pingbacks are open.