Daily Time Axom

বিৰোধীৰ সন্মুখত সুযোগ আহিছেঃৰাহুল

0 14

তৃণমূলকে ধৰি ১৭টা বিৰোধী দললৈ বিৰোধী ঐক্য শক্তিশালী হ’বলৈ ৰাহুল গান্ধীৰ আবেদন। বিৰোধীৰ সন্মুখত সুযোগ আহিছে। এনে সময়ত বিৰোধী নেতাসকলে কাৰো বিৰুদ্ধে মাত মাতিব নালাগে। ৰাহুলৰ বক্তব্য প্রয়োজন হ’লে তেওঁ আঁতৰি দিবলৈকো ইচ্ছুক৷ কিন্তু ২০২৪ চনৰ লোকসভাত বিজেপিক পৰাস্ত কৰাৰ সুযোগ এৰিব নোৱাৰি। ৰাজনৈতিক সূত্ৰ অনুসৰি সোমবাৰে সন্ধিয়া কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত বিৰোধী দলসমূহৰ বৈঠকত ৰাহুলে এই মন্তব্য কৰে। তেওঁ কয়, ‘গণতন্ত্ৰ যদি জীয়াই থাকে তেন্তে ভাৰতৰ বৈচিত্ৰ্যত ঐক্যৰ মূল ধাৰণাটো ৰক্ষা কৰা সম্ভৱ হ’ব। এয়া সময়ৰ যুদ্ধ।” উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছে এই বৈঠকত অংশগ্ৰহণৰ বাবে বিৰোধী দলৰ দুজন সাংসদ প্ৰেৰণ কৰিছিল।

Leave A Reply

Your email address will not be published.