Daily Time Axom

আজি মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা ৰাকেশ পাল

33

নিউজ ডেস্ক, ২৮ মাৰ্চঃ আজি মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা ৰাকেশ পাল। দুৰ্নীতিৰ মূল অভিযুক্ত ৰাকেশ পালক হাজিৰ কৰা হৈছে আদালতত। গুৱাহাটী বিশেষ ন্যায়াধীশ আদালতত হাজিৰ APSC কেলেংকাৰীৰ খলনায়ক ৰাকেশ পাল। জামিনৰ প্ৰক্ৰিয়া শেষ হ’লেই ৬ বছৰ ৪ মাহৰ পিছত মুকলি আকাশৰ তললৈ আহিব ৰাকেশ পাল। ইতিমধ্যে আটাইকেইটা গোচৰতে জামিন লাভ কৰিছে APSC কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালে।

উল্লেখ্য যে, ডিব্ৰুগড় আৰক্ষীয়ে ৰাকেশ পালক ২০১৬ চনৰ ৪ নৱেম্বৰত গ্ৰেপ্তাৰ কৰিছিল। ডিব্ৰুগড় থানাত ৰুজু হৈছিল ৯৩৬/১৬ নম্বৰৰ এক গোচৰ। সেই গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰিছিল ৰাকেশ পালক।

Comments are closed, but trackbacks and pingbacks are open.