Daily Time Axom

অহা ১০ মে’ত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন, ১৩ মে’ত ফলাফল

32

নিউজ ডেস্ক, ২৯মাৰ্চঃ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ দিন। অহা ১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন। আনহাতে ভোট গণনা কৰা হ’ব ১৩ মে’ত।

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে বুধবাৰে ঘোষণা কৰিলে কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ দিন। তেওঁ এই সন্দৰ্ভত ক’লে ৰাজ্যখনত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব নিৰ্বাচন।

ৰাজ্যখনত শাসনাধিস্থ বিজেপি চৰকাৰৰ কাৰ্যকাল অহা ২৪ মে’ত সমাপ্ত হ’ব।এইবাৰৰ বিধানসভা নিৰ্বাচনত মুখ্যতঃ বিজেপি, কংগ্ৰেছ আৰু জে ডি এছৰ মাজতেই হ’ব।

Comments are closed, but trackbacks and pingbacks are open.