নিউজ ডেস্ক, ২৯ মাৰ্চঃ বিজনীত নকল সোণৰ গহনাসহ এজন লোকক গ্ৰেপ্তাৰ। লোকজনে AXIS BANK ৰ বিজনী শাখাত নকল সোণৰ গহনাৰে GOLD লোণ ল’বলৈ আহিছিল। পিছে লোণ লবলৈ আহি হাতে-লোটে ধৰা পৰি ৰঙা ঘৰৰ আলহী হ’ল লোকজন।
প্ৰৱঞ্চকজন ধেমাজিৰ নিৱাসী মনোজিৎ কৰ্মকাৰ বুলি জানিব পৰা গৈছে।লোকজনৰ পৰা ৫ ডালকৈ চেইন, কানফুলি ৩ যোৰ , নেকলেছ ১ ডাল, লকেট ২ টা, আঙঠি এটাসহ ১৪০ গ্ৰাম নকল সোণৰ গহনা জব্দ কৰা হৈছে ।
AS -07 K- 8714 নম্বৰৰ চুইফ্ট ডিজিয়াৰ গাড়ীৰে ধৃত মনোজিৎসহ তিনিজন লোক বেংকলৈ আহিছিল । অৱশ্যে ইয়াৰে দুজন যুৱকে পলায়ন কৰে। আৰক্ষীক খবৰ দিয়াৰ লগে লগে ঘটনাস্থলীত বিজনী থানাৰ আৰক্ষী উপস্থিত হয়। পিছত বিজনীৰ আৰক্ষীয়ে জব্দকৃত নকল সোণৰ গহনাসহ ধৃত মনোজিৎক গ্ৰেপ্তাৰ কৰে।