Daily Time Axom

১২ শতাংশ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ দাম, ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন নিৰিখ

37

নিউজ ডেস্ক, ২৯ মাৰ্চঃ পুনৰ সৰ্বসাধাৰণৰ মূৰত মাধমাৰ। ১২ শতাংশ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ দাম। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন নিৰিখ।

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিয়ন্ত্ৰক কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি, ঔষধৰ বাৰ্ষিক পাইকাৰী মূল্য সূচকত যোৱা বছৰৰ জানুৱাৰীৰ পৰা এই বছৰৰ জানুৱাৰীলৈ ১২.১২ শতাংশ পৰিৱৰ্তন হোৱা বুলি চৰকাৰে জানিবলৈ দিছে ।

১ এপ্ৰিলৰ পৰা ৩৮৪ বিধ ঔষধৰ দাম ১২ শতাংশ বৃদ্ধি হ’ব । এই ঔষধ সমূহ হৈছে জ্বৰ, মধুমেহ, সংক্ৰমণ, হৃদৰোগ, ৰক্তৰ সমস্যা, যক্ষ্মা, উচ্চ ৰক্তচাপ, ছালৰ ৰোগ, কেন্সাৰ, ৰক্তহীনতা আদি বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।

Comments are closed, but trackbacks and pingbacks are open.