নিউজ ডেস্ক, ২৯ মাৰ্চঃ Google Pay, PhonePe ব্যৱহাৰকাৰীৰ বাবে দুঃখবৰ। ১ এপ্ৰিলৰ পৰা ব্যয়বহুল হ’ব UPIৰ লেনদেন। এতিয়াৰে পৰা ২ হাজাৰৰ অধিক টকা লেনদেন কৰিলে ভৰিব লাগিব মাচুল। নেচনেল পেমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া চমুকৈ এন পি চি আইয়ে শেহতীয়াকৈ এক চাৰ্কুলাৰ জাৰি কৰিছে।
ইউ পি আই পেমেণ্ট চিছটেমৰ গৰ্ভনিং বডীয়ে ২ হাজাৰৰ অধিক ধনৰ লেনদেন কৰিলে ১.১ শতাংশ মাচুল আদায়ৰ চিন্তা চৰ্চা কৰিছে। অৱশ্যে ব্যক্তিৰ পৰা ব্যক্তিলৈ ধনৰ লেনদেন আৰু বেংক আৰু প্ৰিপেইড ৱালেটৰ মাজত লেনদেন কৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।