Google Pay, PhonePe ব্যৱহাৰকাৰীৰ বাবে দুঃখবৰ, ১ এপ্ৰিলৰ পৰা ব্যয়বহুল হ’ব UPIৰ লেনদেন

নিউজ ডেস্ক, ২৯ মাৰ্চঃ Google Pay, PhonePe ব্যৱহাৰকাৰীৰ বাবে দুঃখবৰ। ১ এপ্ৰিলৰ পৰা ব্যয়বহুল হ’ব UPIৰ লেনদেন। এতিয়াৰে পৰা ২ হাজাৰৰ অধিক টকা লেনদেন কৰিলে ভৰিব লাগিব মাচুল। নেচনেল পেমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া চমুকৈ এন পি চি আইয়ে শেহতীয়াকৈ এক চাৰ্কুলাৰ জাৰি কৰিছে।

ইউ পি আই পেমেণ্ট চিছটেমৰ গৰ্ভনিং বডীয়ে ২ হাজাৰৰ অধিক ধনৰ লেনদেন কৰিলে ১.১ শতাংশ মাচুল আদায়ৰ চিন্তা চৰ্চা কৰিছে। অৱশ্যে ব্যক্তিৰ পৰা ব্যক্তিলৈ ধনৰ লেনদেন আৰু বেংক আৰু প্ৰিপেইড ৱালেটৰ মাজত লেনদেন কৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।

AssamAssamese NewsDaily time axomGoogle PayGuwahatiIndiaNew DelhiPayTMUPI Payment