অসম বিধানসভাত উত্তপ্ত পৰিস্থিতি, বিৰোধীৰ হুলস্থলীয়া পৰিৱেশ

নিউজ ডেস্ক, ২৯ মাৰ্চঃ অসম বিধানসভাত উত্তপ্ত পৰিস্থিতি।ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে হুলস্থুলীয়া পৰিৱেশ। সভা স্থগিতৰ প্ৰস্তাৱ ৰাখিছিল কংগ্ৰেছে।

কংগ্ৰেছ সাংসদে প্ৰদৰ্শন কৰিলে প্লে’কাৰ্ড। অধ্যক্ষৰ আসনৰ সন্মুখলৈ আগবাঢ়ি গৈ কংগ্ৰেছ বিধায়কে দিয়ে বিভিন্ন শ্ল’গান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ আগবঢ়াই থকাৰ মাজতে সৃষ্টি হয় এই পৰিস্থিতি। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে পুৱাই অসম বিধানসভাৰ চৌহদত কংগ্ৰেছ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্ব কংগ্ৰেছ বিধায়িনী দলে এই প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ বিধায়কসকলে প্ৰতিবাদৰ অংশ হিচাপে বিধানসভালৈ পৰিধান কৰি আহিছে ক’লা বস্ত্ৰ।

AssamAssam Legislative AssemblyAssamese NewsbjpCongressDaily time axomGuwahatiIndiaprotest