Daily Time Axom

UPIৰ জৰিয়তে ধনৰ লেনদেন কৰিলেও ভৰিব লাগিব মাচুল! এই কথা অস্বীকাৰ কৰিলে পেটিএমে

29

নিউজ ডেস্ক, ২৯ মাৰ্চঃ NPCI ৰ স্পষ্টিকৰণ। সাধাৰণ UPI পেমেণ্টৰ ক্ষেত্ৰত কোনোধৰণৰ মাচুল পৰিশোধ কৰিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব এই সেৱা। অৱশ্যে পেমেণ্ট ৱালেট, স্মাৰ্ট কাৰ্ড, মেগনেটিক চিপছ, ভাউচাৰ্ছ, মোবাইল ৱালেট আদিৰ দৰে প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰোমেণ্টছৰ জৰিয়তে কৰা লেনদেনৰ বাবে অতিৰিক্ত মাচুল আদায়ৰ প্ৰস্তাৱ দিয়া হৈছে।

চৰকাৰৰ তৰফৰ পৰা দিয়া স্পষ্টীকৰণত উল্লেখ থকা অনুযায়ী UPIৰ জৰিয়তে কৰা লেনদেনত কোনোধৰণৰ মাচুল দিব নালাগে। বিজ্ঞপ্তিত উল্লেখ থকা মতে, প্ৰি পেড ৱালেটৰ জৰিয়তে লেনদেন কৰিলেহে UPI পেইমেণ্টত মাচুল দিব লাগিব। এই সালসলনিত সাধাৰণ লোকৰ কোনো অসুবিধা নহয়।

Comments are closed, but trackbacks and pingbacks are open.