অসমৰ মহিলা সাংবাদিক -সংবাদকৰ্মীৰ জীৱনপঞ্জী মুলক গ্ৰন্থ “পৰিচয় ” প্ৰকাশৰ প্ৰস্তুতি, জীৱনপঞ্জী জমা দিয়াৰ আহ্বান

ৰাজ্যৰ ছপা মাধ্যম,বিদ্যুতিন মাধ্যমত কৰ্মৰত হৈ থকা মহিলা সাংবাদিক,মহিলা ফটো সাংবাদিক আৰু মহিলা ভিডিও সাংবাদিক আৰু সংবাদ কৰ্মীৰ চমু জীৱন পঞ্জীক লৈ “পৰিচয় শীৰ্ষক এখন গ্ৰন্থ শীঘ্ৰে ছপা কৰি উলিওৱাৰ সিদ্ধান্ত লৈছে দিছপুৰ প্ৰেছ ক্লাবে।


মূলত মহিলা সাংবাদিক সকলৰ কৃতিত্ব ধৰি ৰখাৰ বাবেই আৰু সমাজৰ সৈতে তেওঁলোকক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে এই গ্ৰন্থখন প্ৰকাশ কৰি উলিওৱা হ’ব।পূৰ্বতে ছপা মাধ্যম নতুবা বিদ্যুতিন মাধ্যমত অতি কমেও তিনি বছৰ কাম কৰাৰ অন্তত বৰ্তমান ৱেৱ পোৰ্টেলত কৰ্মৰত হৈ থকা মহিলা সাংবাদিক সকলৰ জীৱন পঞ্জীয়ো গ্ৰন্থ খনত সন্নিবিষ্ট কৰা হ’ব। এইক্ষেত্ৰত পোৰ্টেলত কৰ্মৰত মহিলা সাংবাদিক গৰাকীয়ে তেওঁ পূৰ্বতে কাম কৰা ছপা মাধ্যম বা বিদ্যুতিন মাধ্যমৰ সংবাদ প্ৰতিষ্ঠানে প্ৰদান কৰা নিয়োগ পত্ৰ/পৰিচয় পত্ৰৰ প্ৰত্যায়িত ফটো কপি দাখিল কৰিব লাগিব ।আনহাতে বৰ্তমান ছপা মাধ্যম আৰু বিদ্যুতিন মাধ্যমত কৰ্মৰত হৈ থকা মহিলা সাংবাদিকেও কৰ্মৰত হৈ থকা সংবাদ প্ৰতিষ্ঠানে প্ৰদান কৰা পৰিচয় পত্ৰৰ ফটো কপি নিজৰ জীৱন পঞ্জীৰ চমু টোকাৰ সৈতে গাঁঠি দিব লাগিব।


জীৱন পঞ্জীৰ চমু টোকাত মহিলা সাংবাদিকে নিজৰ নাম , পিতৃ -মাতৃৰ নাম, জন্ম স্হান, জন্ম তাৰিখ, স্থায়ী ঠিকনা,সাংবাদিকতা জীৱনৰ চমু বৃত্তান্ত , প্ৰথম যোগদান কৰা সংবাদ প্ৰতিষ্ঠানৰ নাম /পদবী/ চন, বৰ্তমান কৰ্মৰত হৈ থকা সংবাদ প্ৰতিষ্ঠানৰ নাম/পদবী/ চন, নিজৰ যোগাযোগ নম্বৰ,এখন পাৰ্ছফোট আকাৰৰ ফটো, ই-মেইল,সাহিত্য, সাংস্কৃতিক,ক্ৰীড়া ক্ষেত্ৰত থকা অৱদানৰ চমু বিৱৰণী ( যদিহে আছে) উল্লেখ কৰিব লাগিব। প্ৰেছ ক্লাবক যোগান ধৰা তথ্য সমূহ সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব। ভুল তথ্যৰ বাবে নিজৰ ভুল তথ্য যোগান ধৰা সাংবাদিকগৰাকীয়ে আইনৰ দৃষ্টিত দায়ী হ’ব লাগিব । গ্ৰন্থখনৰ বাবে নিজৰ নিজৰ জীৱনপঞ্জীৰ চমু টোকা জমা দিয়াৰ শেষ সময় অহা ৩০ এপ্ৰিল । আগ্ৰহী মহিলা সাংবাদিক সকলোক এই ক্ষেত্ৰত দিছপুৰ প্ৰেছ ক্লাবৰ পৰা গ্ৰন্থ খনত নাম প্ৰকাশৰ প্ৰ-পত্ৰ সংগ্ৰহ কৰাৰ বাবে প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে অনুৰোধ জনাইছে।

Assamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment