মাজনিশা ঘৰত দুজন অচিনাক্ত লোক! চিচিটিভিত ধৰা পৰাত আতংকিত হৈ পৰিছে ইমৰাণ খানৰ প্ৰাক্তন পত্নী

টুইটাৰত দুয়োজনৰ ফটো পোষ্ট কৰি জেমিমাই কয় যে যদি আপুনি এই দুজনক চিনি পায় তেন্তে মোক জনাওক। ইমৰাণৰ প্ৰাক্তন পত্নীয়ে দাবী কৰিছে যে এই ঘটনা কিছুদিন পূৰ্বে লণ্ডনৰ জেমাইমা থকা ফ্লেটটোত সংঘটিত হৈছিল। সেই ঘটনাৰ পিছৰে পৰা তেওঁ ভয় খাইছে।

জেমাইমাই কয় যে মাজনিশা হঠাৎ এটা শব্দত তেওঁক সাৰ পাই উঠে। তাৰ পাছতে দুজন অচিনাক্ত লোকে তেওঁৰ ঘৰত সোমাবলৈ চেষ্টা কৰা দেখা পায়। কিন্তু সেই দুজনে কিবা এটা দেখি পলাই যায়। অৱশ্যে তেওঁলোকৰ ছবি চিচিটিভি কেমেৰাত ধৰা পৰিছে। এই ঘটনাৰ লগে লগে জেমিমাই স্কটলেণ্ড য়াৰ্ডলৈ ফোন কৰে। তেওঁ গোচৰো দাখিল কৰে।

দুজন অচিনাক্ত ব্যক্তিৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে।

জেমিমাৰ সন্দেহ আৰু ভয় যে তেওঁলোক কোন আৰু কিয় ঘৰত সোমাবলৈ চেষ্টা কৰিছিল। ইয়াৰ পূৰ্বে ২০১৭ চনত এজন টেক্সি চালকে জেমিমাক ১০০০ বাৰ ফোন কৰি মেছেজ কৰিছিল। হাছান মাহমুদ নামৰ টেক্সি চালকজনৰ সৈতে ব্যক্তিগত সম্পৰ্ক স্থাপন কৰাৰ পিছত জেমাইমাৰ বিৰুদ্ধে ফোন আৰু মেছেজ কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে, ১৯৯৫ চনত ইমৰানে জেমিমাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু সেই বিবাহ বেছি দিন নাথাকিল। ২০০৪ চনত বিবাহ বিচ্ছেদ। তেওঁলোকৰ দুজন পুত্ৰ আছে।

AssamAssamese NewsDaily time axomIndiaInternationalNew Delhi
Comments (0)
Add Comment