Daily Time Axom

পবিত্ৰ ৰামনৱমী উপলক্ষে পৰম্ শিৱম শিৱমন্দিৰ যোগাশ্ৰমৰ আৰু ব্ৰহ্মলীন শ্ৰী গৰুণ দাসজী মহাৰাজ ভক্তি যোগ সংঘৰ উদ্যোগত কন্যা পূজন

0 31

আজি পবিত্ৰ ৰামনৱমী । সমগ্ৰ ভাৰতবৰ্ষৰ লগতে উত্তৰ গুৱাহাটীতো পৰম্ শিৱম শিৱমন্দিৰ যোগাশ্ৰমৰ আৰু ব্ৰহ্মলীন শ্ৰী গৰুণ দাসজী মহাৰাজ ভক্তি যোগ সংঘৰ উদ্যোগত পবিত্ৰ ৰাম নৱমী উপলক্ষে কণ্যা পূজন কৰা হয়। বৃহত্তৰ উত্তৰ গুৱাহাটী অঞ্চলৰ ১২০ গৰকী কণ কণ কণ্যা শিশুক মহামণ্ডলেশ্বৰ স্বামী শ্ৰী কেশৱ দাস জী মহাৰাজৰ তত্বাৱধানত বিধিবত বৈদিক প্ৰক্ৰিয়াৰে পূজা কৰা হয়। পূজাৰ অন্তত উপস্থিত সকলকে ভোগ বিতৰণ কৰা হয় । উল্লেখ্য যে হনুমান জয়ন্তীৰ লগত সংগতি ৰাখি অহা ৪ এপ্ৰিলৰ পৰা ৬ এপ্ৰিললৈ যজ্ঞ অনুষ্ঠিত হ’ব। যজ্ঞৰ অন্তত ৬ এপ্ৰিলত মধ্যমখণ্ড ঘাটৰ বালিচৰত শ্ৰী শ্ৰী হনুমান জয়ন্তী মহোৎসৱত ১৫ হাজাৰ ভক্তই ২ লাখ হনুমান চালিসা পাঠ কৰা হ’ব।
আয়োজন সমিতিৰ পৰা উক্ত অনুষ্ঠানত ৰাইজৰ সক্ৰিয় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে ।

Leave A Reply

Your email address will not be published.