Daily Time Axom

বিমানৰ কৰ্মচাৰীয়ে বেগ খুলি হুইস্কি সেৱন কৰাৰ অভিযোগ যাত্ৰীৰ

0 29

‘দামী’ হুইস্কি লৈ যাত্ৰীজনে বিমানত উঠিছিল। হুইস্কি থকা বেগটো খোলাৰ পাছত যাত্ৰীজনে দেখিলে যে বটলৰ ছীলটো খোলা, আনকি হুইস্কিৰ বটলৰ আধা খালী ! যাত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে, তালাচীৰ সময়ত বিমান সংস্থাটোৰ কৰ্মচাৰীয়ে বটলৰ ছীল খুলি হুইস্কি সেৱন কৰিছে। এই সন্দৰ্ভত অভিযোগ কৰি তেওঁ বিমান সংস্থাটোক ইমেইলো প্ৰেৰণ কৰিছে। বিমান কৰ্তৃপক্ষই এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বিমান সংস্থাৰ কৰ্মচাৰীসকলক পোনপটীয়াকৈ ‘চোৰ’ বুলি অভিহিত কৰি ক্ষোভ প্ৰকাশ কৰে যাত্ৰীজনে।

আমেৰিকাৰ বাসিন্দা ক্রিষ্টোফাৰ এম্বলাৰ সেই দেশৰ ইউনাইটেড এয়াৰলাইন্সেৰে গন্তব্যস্থানলৈ গৈ আছিল৷ বিমানত উঠাৰ পূৰ্বে সকলো যাত্ৰীৰ বেগ তালাচী কৰা হয়। ক্রিষ্টোফাৰো তেনেকুৱাই৷ কিন্তু গন্তব্যস্থান পোৱাৰ লগে লগে তেওঁ নিজৰ সকলো বস্তু অক্ষত অৱস্থাত পায় কিন্তু মাত্ৰ নতুন হুইস্কিৰ বটলটোহে ​​আধা খালী! ক্রিষ্টোফাৰৰ বেগত যিটো হুইস্কি আছিল, তাৰ বজাৰ মূল্য ভাৰতীয় মুদ্ৰাত প্রায় ৪৬ হাজাৰ টকা৷

Leave A Reply

Your email address will not be published.