Daily Time Axom

ভয়ংকৰ পথ দুৰ্ঘটনা! মেট্ৰিক পৰীক্ষা দিবলৈ আহি গুৰুতৰভাৱে আহত ৫ গৰাকীকৈ মেট্ৰিক পৰীক্ষাৰ্থী

72

নিউজ ডেস্ক, ৩০ মাৰ্চঃ পুৱা ধুবুৰীৰ আই,জি,ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। মেট্ৰিক পৰীক্ষা দিবলৈ আহি গুৰুতৰভাৱে আহত ৫ গৰাকীকৈ মেট্ৰিক পৰীক্ষাৰ্থী। ই-ৰিক্সা আৰু SWIFT বাহনৰ মুখামুখি সংঘৰ্ষত ই-ৰিক্সাখন ড্ৰেইনত বাগৰি পৰে৷ আহত ছাত্ৰ-ছাত্ৰীসকলক সংকটজনক অৱস্থাত ধুবুৰী মেডিকেল কলেজত ভৰ্ত্তি কৰোৱা হৈছে। ঘটনাস্থলীত ধুবুৰীৰ যান-বাহন আৰক্ষী বিষয়াৰ নেতৃত্বত সঁজাতী দল উপস্থিত হৈছে । দুৰ্ঘটনাত ই-ৰিক্সা চালকজন মূৰত আৰু চকুত আঘাতপ্ৰাপ্ত হয়। ঘটনা সংঘটিত কৰিয়েই SWIFT বাহনখনৰ যুৱক দুজনে পলায়ন কৰে।

Comments are closed, but trackbacks and pingbacks are open.