মধ্যপ্ৰদেশৰ ৰাম নৱমীৰ কাৰ্যসূচীত অঘটন! ১৩ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ৩০ মাৰ্চঃ মধ্যপ্ৰদেশৰ ৰাম নৱমীৰ কাৰ্যসূচীত অঘটন৷ কাৰ্যসূচী চলি থকাৰ মাজতে খহি পৰিল মন্দিৰৰ চাদ৷ ইন্দোৰৰ বেলেশ্বৰ মহাদেৱ ঝুলেলাল মন্দিৰত এই দুৰ্ঘটনা সংঘটিত হয়৷ চাদ খহি কুৱাত পৰে ২০ জনৰো অধিক লোক। এই দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু হয় ৷ এই পৰ্যন্ত ১৯ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে৷ দুৰ্ঘটনাস্থলীত বৰ্তমানেও চলি আছে উদ্ধাৰ অভিযান৷

প্ৰত্যক্ষদৰ্শীৰ মতে, স্বপ্না সংগীতা ৰোডৰ স্নেহ নগৰত এটা হাৱনৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হয়। কন্যা পুজনৰ এটা কাৰ্যসূচী আছিল, সেয়েহে মন্দিৰটোত যথেষ্ট ভিৰ হৈছিল।

Assamese NewsDaily time axomDeathIndiaIndoreInjuredMadhya PradeshRam Navami Festival