মাজুলী অফলামুখ ফেৰী সেৱা সাময়িকভাৱে বন্ধৰ নিৰ্দেশ জল পৰিবহণ বিভাগৰ

নিউজ ডেস্ক, ৩০ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে ধাৰাসাৰ বৰষুণ৷ বৰষুণৰ ফলত এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ৷ যাৰ ফলত মাজুলী অফলামুখ ফেৰী সেৱা সাময়িকভাৱে বন্ধৰ নিৰ্দেশ। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত ডুব গ’ল ফেৰীসেৱাৰ ৩ টাকৈ ৰেম্প।

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ফলত অফলামুখৰ পৰা নিমাতিৰ মাজৰ সকলো ফেৰীৰ চলাচল বন্ধ ঘোষণা কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। অৱশ্যে কমলাবাৰী ঘাটৰ পৰা নিমাতি ঘাটলৈ ফেৰী চলাচল অব্যাহত আছে।

AssamAssamese NewsDaily time axomFerry ServiceIndiaMajuliWater Transport Department