শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্রেক্ষাগৃহত গুৱাহাটীৰ এক প্রতিষ্ঠিত সামাজিক-সাংস্কৃতিক সংস্থা তথা নাট্যগোষ্ঠী অংকনে শ্বিলঙস্থিত উত্তৰ-পূৰ্বাঞ্চল পৰিষদৰ সহযোগত দুদিনীয়াকৈ
থিয়েটাৰ মহোৎসৱৰ আয়োজন কৰা হয় ।
থিয়েটাৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি আৰু বিশেষ অতিথিৰূপে উপস্থিত থাকে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত হিন্দী ছবি ফুলন দেৱী, খামোছী খ্যাত অসম গৌৰৱ সীমা বিশ্বাস আৰু বলিউদৰ এসময়ৰ জনপ্রিয় চলচ্চিত্র তথা মঞ্চ অভিনেতা বাহুল ৰয়। উদ্বোধনী অনুষ্ঠানত বস্তি প্রজ্জ্বলন কৰেড’ সঞ্জীব নাৰায়ন, চেতনা দাস,ডঃ হিতেশ বৰুৱা আৰু গৰিমা গাৰ্গে। মঞ্চ উদ্বোধন কৰে প্রসিদ্ধ অভিনেত্রী সীমা বিশ্বাসে।

মহোৎসৱৰ আদৰণী সম্ভাষণ জনায় অংকনৰ সচিব মুন্না আহমেদে। অনুষ্ঠানত বিশেষ অতিথিৰূপে উপস্থিত
থাকে প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণ, ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক,
অভিনেত্রী আইমী বৰুৱা, সাংস্কৃতিক কর্মী, ফেশ্বন ডিজাইনাৰ গৰিমা গাৰ্গ । প্ৰথম দিনা সন্ধিয়া উদ্বোধনী নাটৰূপে
মঞ্চস্থ হয় বিশিষ্ট নাট্যকাৰ, পৰিচালক গুণাকৰ দেৱগোস্বামী অভিনীত তথা পৰিচালিত নাট ‘ৰত্নাকৰ’। পৰৱৰ্তী
নাট মঞ্চস্থ হয় ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (ছিকিম) ত প্রশিক্ষণ গ্ৰহণ কৰা অভিনেতা, পৰিচালক বেণুধৰ পাটোৱাৰী
পৰিচালিত ‘দ্যা চোৰ’। আলোখনন্দন ৰচিত বিখ্যাত হিন্দী নাটক ‘ৰাজা অউৰ ডকাইত’ৰ অসমীয়া অভিযোজনা
দিপেন পাটোৱাৰীৰ ‘দ্যা চোৰ’। দ্বিতীয় দিনা সন্ধিয়া ৬ বজাত বজাত আৰু ৭.৩০ বজাত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ
কৃতি স্নাতক ক্রমে জ্যোতিনাৰায়ণ নাথৰ কনচেপ্ট, ডিজাইন আৰু পৰিচালিত নাট ‘চেপিয়েছ,-আৰু অলপ’
আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আন এগৰাকী স্নাতক হিমাংশু প্রসাদ দাসৰ কনচেপ্ট, ডিজাইন আৰু পৰিচালিত,
জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাট ‘ৰূপালীম’ৰ আধাৰত নাটক ‘মুণিমুগ্ধ’।