Daily Time Axom

এক অমানৱীয় ঘটনা! পিতৃৰ লাঠীৰ কোবত মৃত্যু ৪ মহীয়া দেৱশিশুৰ

32

নিউজ ডেস্ক, ৩১ মাৰ্চঃ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত এক অমানৱীয় ঘটনা৷পিতৃৰ লাঠীৰ কোবত মৃত্যু ৪ মহীয়া দেৱশিশুৰ৷ পিতৃৰ প্ৰহাৰত মৃত্যু হোৱা চাৰিমহীয়া শিশুটিৰ নাম ৰুমী খাতুন। স্বামী-স্ত্ৰীৰ কাজিয়াৰ মাজতে সংঘটিত হয় এই নৃশংস ঘটনা৷

ঘটনাৰ খবৰ পোৱাৰ পিছত ঘটনাস্থলীত জিলা দণ্ডাধীশ আৰু খাৰুৱাবান্ধা আৰক্ষী উপস্থিত হয়। ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে পিতৃ আব্দুল বাছিৰ শ্বেখৰে। অৱশ্যে ইতিমধ্যে হত্যাকাৰী পিতৃ আব্দুল বছিৰ শ্বেখক আৰক্ষীয়ে আটক কৰিছে ।

Comments are closed, but trackbacks and pingbacks are open.