নিউজ ডেস্ক, ৩১ মাৰ্চঃ লাভলীনালৈ অসম আৰক্ষীৰ ফালৰ পৰা এটা ফ্লেট প্ৰদান কৰিব বুলি ঘোষণা কৰে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে।
আজি অসম আৰক্ষীয়ে লাভলীনা বৰগোহাঁইক বিশ্বজয়ৰ বাবে অভিনন্দন জনোৱা এক কাৰ্যসূচীত এই কথা ঘোষণা কৰে।
উল্লেখ্য যে, লাভলীনা বৰগোহাঁইয়ে ইতিহাস সৃষ্টি কৰি অসমৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে অলিম্পিকত পদক জয়ৰ পিছতে অসম চৰকাৰে তেওঁক ৰাজ্যিক ক্ৰীড়া নীতি অনুসৰিয়েই ডি এছ পি পদত নিযুক্তি প্ৰদান কৰিছিল।
এই অনুষ্ঠানত লাভলীনাই কয় যে, সকলোৰে কাৰণে মই সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছো। অসম আৰক্ষীৰ সকলোৱে মোক বহুত সহযোগ কৰিছে। মোৰ খেলৰ পূৰ্বে DGP ছাৰে প্ৰতিদিনে খবৰ লৈছে।’’
Comments are closed, but trackbacks and pingbacks are open.