Daily Time Axom

প্ৰভাৱশালী ভাৰতীয়ৰ TOP-20ত ডঃ হিমন্ত বিশ্ব শৰ্মা

36

নিউজ ডেস্ক, ৩১ মাৰ্চঃ প্ৰভাৱশালী ভাৰতীয়ৰ TOP-20ত ডঃ হিমন্ত বিশ্ব শৰ্মা। ইণ্ডিয়ান এক্সপ্ৰেছৰ ১০০ গৰাকী প্ৰভাৱশালী ভাৰতীয়ৰ তালিকাত সপ্তদশ স্থানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। তালিকাৰ শীৰ্ষ স্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দ্বিতীয় স্থানত গৃহমন্ত্ৰী অমিত শ্বাহ।

আনহাতে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধী এই তালিকাত আছে ১৫ সংখ্যক স্থানত।

উল্লেখ্য যে, ২০২২ চনত এই তালিকাত ৩২ সংখ্যক স্থানত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিগত সময়ত উত্তৰ-পূবত বিজেপিৰ প্ৰধান মুখ হিচাপে পৰিগণিত হৈছে।

Comments are closed, but trackbacks and pingbacks are open.