Daily Time Axom

জনতাৰ মূৰত পুনৰ মাধমাৰ! মাহে ১০ টকাকৈ বৃদ্ধি পাব বিদ্যুতৰ ফিক্সড চাৰ্জ

34

নিউজ ডেস্ক, ৩১ মাৰ্চঃ জনতাৰ মূৰত আকৌ মাধমাৰ। এইবাৰ বৃদ্ধি পাব বিদ্যুতৰ ফিক্সড চাৰ্জ। মাহে বিদ্যুতৰ ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধি। ফিক্সড চাৰ্জৰ বাবদ ১২০ টকাকৈ পৰিশোধ কৰি আহিছিল জনতাই। ৰাজহ বৃদ্ধিৰ স্বাৰ্থতে অসম বিদ্যুৎ নিয়ামক আয়োগে বৃদ্ধি কৰিছে ফিক্সড চাৰ্জ।

বৃহস্পতিবাৰে জাৰি কৰা এক জাননী অনুসৰি আয়োগে এপিজিচিএল,এইজিচিএল আৰু এপিডিচিএলৰ বিদ্যুৎ নিৰিখ অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধন কৰে।এপিডিচিএলে ফিক্সড চাৰ্জ কেডব্লিউ আৰু কেভিত ১৫ৰ পৰা ৭৫ টকা বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল। কোম্পানীটোৱে বিভিন্ন শ্ৰেণীৰ গ্ৰাহক সকলৰ বাবে প্ৰযোজ্য হৈ থকা এফ পি পি পি চাৰ্জকে ধৰি এনাৰ্জি চাৰ্জ প্ৰতি ইউনিট ১ টকাৰ পৰা ৩ টকা পৰ্যন্ত বঢ়োৱাৰ প্ৰস্তাৱ দিছিল।

তাৰ পৰিৱৰ্তে নিয়ামক আয়োগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২৪ চনৰ নিৰিখ প্ৰায় ১.২ শতাংশ হ্ৰাস কৰাৰহে অনুমোদন জনাইছে। নিয়ামক আয়োগে সকলো শ্ৰেণীৰ এনাৰ্জি চাৰ্জ ১০ ৰ পৰা ২০ পইচা পৰ্যন্ত হ্ৰাস কৰিছে। কিন্তু সামগ্ৰিক ৰাজহ প্ৰয়োজনৰ স্বাৰ্থত সকলো শ্ৰেণীৰ গ্ৰাহকৰ পৰা ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধিত অনুমোদন জনাইছে।

Comments are closed, but trackbacks and pingbacks are open.