Daily Time Axom

মহ মৰা ধূপৰ বাবেই বিষাক্ত গেছৰ ফলত পৰিয়ালৰ ৬ সদস্যৰ মৃত্যু

34

নিউজ ডেস্ক, ৩১ মাৰ্চঃ মহ মৰা ধূপৰ পৰাই ভয়ংকৰ অগ্নি কাণ্ডৰ ঘটনা। যাৰ ফলত এটা পৰিয়ালৰে ৬ জনকৈ লোকৰ মৃত্যু হয়। এই ঘটনা দিল্লীৰ শাস্ত্ৰী পাৰ্কস্থিত এটি অঞ্চলত আজি পুৱা সংঘটিত হয়।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দেখে যে ৬ জন লোকৰ মৃত্যু হয়। আনহাতে আহত ৩ জনক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয়। মৃত সকলৰ ভিতৰত আছে ৪জন প্ৰাপ্তবয়স্ক পুৰুষ, এগৰাকী প্ৰাপ্তবয়স্ক মহিলা আৰু এটা ডেৰ বছৰীয়া শিশু।

আৰক্ষীয়ে জনোৱা অনুসৰি, মহ খেদিবলৈ ধূপ ব্যৱহাৰ কৰিছিল পৰিয়ালটোয়ে। যাৰ ফলত ঘৰটোত জুই লাগি ৬ জনৰ মৃত্যু হয়।

Comments are closed, but trackbacks and pingbacks are open.