Daily Time Axom

পুনৰ বৃদ্ধি হ’ব টোল কৰ,৫ৰ পৰা ১০ শতাংশ বৃদ্ধি হ’ব টোল কৰ

30

নিউজ ডেস্ক, ৩১ মাৰ্চঃ ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ ৭খন টোলগে’টত টোল টেক্স বৃদ্ধি পাব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই সন্দৰ্ভত জাৰি কৰিছে জাননী। জাননী অনুসৰি, এতিয়াৰে পৰা যান–বাহনৰ পাৰ হোৱাৰ বিনিময়ত ৫ৰ পৰা ১০ শতাংশ অধিক মাচুল পৰিশোধ কৰিব লাগিব।

জাননী অনুসৰি, ব্যক্তিগত চাৰিচকীয়া বাহন এবাৰ টোলগে’ট পাৰ হ’লে সৰ্বাধিক ১৩৫ টকা ভৰিব লাগিব। ২৪ ঘণ্টাৰ ভিতৰত ঘূৰি আহিলে পৰিশোধ কৰিব লাগিব ২০০ টকা। সোণাপুৰৰ নাজিৰাখাটৰ টোলগে’টখন ৰাজ্যৰ আটাইতকৈ ব্যয়বহুল টোল প্লাজা হিচাপে চিহ্নিত হৈছে।

টু এক্সেলছ বাছৰ ক্ষেত্ৰত এই নিৰিখ হৈছে ক্ৰমে ৪৪০ টকা, ৬৬০ টকা, ১৪,৬৫৫ টকা আৰু ২২০ টকা। থ্ৰী এক্সেলছ বাণিজ্যিক বাহনে টোলগে’টত ভৰিব লাগিব ক্ৰমে ৬৯০ টকা, ১০৩৫ টকা, ২২,৯৮৫ টকা আৰু ৩৪৫ টকা। তা বা ততোধিক এক্সেলছ বাহনৰ ক্ষেত্ৰত টোল টেক্সৰ পৰিমাণ হ’ব ক্ৰমে ৮৪০ টকা, ১২৬০ টকা, ২৭,৯৮০ টকা আৰু ৪২০ টকা। মদনপুৰ টোলগে’টৰ ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ বাহনৰ গৰাকীয়ে মাহেকীয়া অনুমতি পত্ৰৰ বাবে ৩৩০ টকা আদায় দিব লাগিব।

Comments are closed, but trackbacks and pingbacks are open.