তেজপুৰ কঁঠালগুৰী চাহ বাগিছাত অঘটন, কৰ্মৰত অৱস্থাত দুই শ্রমিকৰ মৃত্যু

নিউজ ডেস্ক, ৩১ মাৰ্চঃ তেজপুৰৰ কঁঠালগুৰি চাহ বাগিছাত অঘটন৷ টিন ভাগি তলত পৰি থিতাতে নিহত ২ শ্ৰমিক৷ কলটোৰ টিনপাট মেৰামতি কৰিবলৈ গৈছিল ২ শ্ৰমিক৷ হঠাৎ টিন ভাগি তলত পৰে শ্ৰমিক দুজন৷

কৰ্মৰত অৱস্থাত থকা দুই শ্রমিকৰ মৃত্যুৰ ঘটনাই জোকাৰিছে সমগ্ৰ অঞ্চল।শ্রমিক দুজন ক্ৰমে ৰোহিত তাঁতী, ছৱি তাঁতী বুলি জানিব পৰা গৈছে। ঘটনাক লৈ এতিয়া বাগিচাখনত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ।

AssamAssamese NewsDaily time axomDeathIndiaLabourNorth EastTezpur