Daily Time Axom

নাছাই চন্দ্ৰত 4G সেৱা আৰম্ভ কৰিবলৈ ওলাইছে

0 33

এইবাৰ আমেৰিকাৰ গৱেষণা সংস্থা নাছাই চন্দ্ৰৰ মাটিত 4জি মোবাইল সেৱা আগবঢ়াবলৈ গৈ আছে।

ফলত অদূৰ ভৱিষ্যতে চন্দ্ৰত দ্ৰুতবেগী ইন্টাৰনেট সেৱা উপলব্ধ হ’ব।

৫৫ বছৰ ধৰি মানুহ চন্দ্ৰত অৱতৰণ কৰাৰ পিছত পুনৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোলৈ দুজন লোকক প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে নাছাই।

তাৰ ভিতৰত এগৰাকী মহিলা মহাকাশচাৰী। চন্দ্ৰৰ দক্ষিণ মেৰুত এসপ্তাহ থাকিব বুলি জনা যায়। ইয়াৰ পূৰ্বে অৱশ্যে চন্দ্ৰত মুকলি কৰা হ’ব 4জি সেৱা। আমেৰিকাৰ গৱেষণা সংস্থাটোৱে বিখ্যাত ফোন নিৰ্মাতা কোম্পানী ন’কিয়াৰ গৱেষণা দল বেল লেবছৰ সহযোগত চন্দ্ৰলৈ ৪জি এলটিই সংযোগ আনিব।

সমগ্ৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে ব্যয় হ’ব ৩৭ কোটি মাৰ্কিন ডলাৰ। ইয়াৰে নাছাই ১৪.১ মিলিয়ন ডলাৰ আগবঢ়াইছে। জানিব পৰা মতে চন্দ্ৰত ক্ৰমান্বয়ে 5জি সেৱা আৰম্ভ কৰা হৈছে।

Leave A Reply

Your email address will not be published.