Daily Time Axom

বিহুৰ প্ৰাকক্ষণত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ সুখবৰ! উপহাৰ হিচাপে লাভ কৰিব বকেয়া ধন

29

নিউজ ডেস্ক, ১ এপ্ৰিলঃ বিহুৰ প্ৰাকক্ষণত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ সুখবৰ! উপহাৰ হিচাপে লাভ কৰিব বকেয়া ধন। পূৰ্বৰ ৩৮% ৰ পৰিৱৰ্তে ৪২ % লৈ বৃদ্ধি কৰা হৈছে বকেয়াৰ ধন।১০ এপ্ৰিলৰ ভিতৰত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাৰ ধন।

শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি বকেয়া ধন এইবাৰ বৃদ্ধি কৰা হ’ল চাৰি শতাংশ।

২০২৩ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা এই বৃদ্ধি কাৰ্যকৰী হ’ব যদিও ইয়াক এই মাহৰ দৰমহা/পেঞ্চনৰ সৈতে প্ৰদান কৰা হ’ব। কেবিনেট বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলযোগে মাৰ্চ মাহৰ দৰমহা ১০ এপ্ৰিলৰ ভিতৰত লাভ কৰি বুলি জনায়।

Comments are closed, but trackbacks and pingbacks are open.