নিউজ ডেস্ক, ১ এপ্ৰিলঃ নগাঁও আৰক্ষীয়ে গঁড় চিকাৰীৰ সম্ভেদ দিওতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰাৰ পিছতেই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চিকাৰীকেইটাক। শুকুৰবাৰে নিশা জামুগুৰিহাটত এটা দুধৰ্ষ গড় চিকাৰী আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন গঁড় চিকাৰীটোৰ নাম হাৰুণ ইছলাম। গঁড় চিকাৰী হাৰুণ ইছলামক জামুগুৰি আৰক্ষী আৰু জখলাবন্ধা আৰক্ষীয়ে যৌথ অভিযান চলাই জামুগুৰিহাটৰ চাৰি নং চিৰুৱানীৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে।
আনহাতে, হাৰুণ ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিতে আজি পুৱা আন দুটা গঁড় চিকাৰীক আটক কৰা হয়।
উল্লেখ্য যে, বিগত সপ্তাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দীৰ্ঘদিনৰ মূৰত গঁড় হত্যা হোৱাৰ পাছতে আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।