নিউজ ডেস্ক, ১ এপ্ৰিলঃ নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ দিনাই জনতাৰ মূৰত ৰামটাঙোন। আজিৰে পৰা টোল কৰ, ঔষধ, বিদ্যুতৰ মাচুল বৃদ্ধি। বৃদ্ধি পাব বিদ্যুতৰ ফিক্সড চাৰ্জ। ৰাজ্যৰ ৭ খনকৈ টোলগেটৰ কৰ ১০ শতাংশ পৰ্যন্ত বৃদ্ধি। ৮০০ বিধ জীৱনদায়িনী ঔষধৰ দাম ১২ শতাংশলৈ বৃদ্ধি।
পেৰাচিটামল, এন্টিবায়টিক, ফলিক এচিড, এনাস্থেচিয়াসহ ৩৮৪ বিধ নিত্য প্ৰয়োজনীয় ঔষধৰ মূল্য ১২ শতাংশ পৰ্যন্ত বৃদ্ধি পাব ।
ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকে প্ৰতি মাহে প্ৰতি কিলোৱাট ভিত্তিত ভৰিব লাগিব অতিৰিক্ত দহ টকাকৈ । লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ৭ খন টোলগেটত ৫ৰ পৰা ১০ শতাংশলৈ বৃদ্ধি কৰা হৈছে কৰ ।