Daily Time Axom

গৌৰী সদনত বিশিষ্ট শিক্ষাবিদ ড° নৰনাৰায়ণ মহন্তৰ দুখনকৈ গ্ৰন্থ উন্মোচন

0 226


২ এপ্ৰিল দেওবাৰে আবেলি ৩ বজাত গুৱাহাটীৰ গৌৰী সদনৰ সভাগৃহত এখনি গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হয়৷এই সভাত কলিয়াবৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা ২৩খনৰো অধিক শিক্ষাবিষয়ক গ্ৰন্থৰ প্ৰণেতা ড° নৰনাৰায়ণ মহন্তই ৰচনা কৰা “এজন অধ্যাপকৰ আত্মকথা” শীৰ্ষক গ্ৰন্থখন লেখক-চিকিৎসক- শিল্পী ডা°অঞ্জনজ্যোতি চৌধুৰীয়ে আৰু “সফলতা লাভৰ সংক্ষিপ্ত হাতপুথি : জীৱন আৰু অভ্যাস” শীৰ্ষক গ্ৰন্থদুখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপ- পৰীক্ষা নিয়ন্ত্ৰক ড° দেৱহৰি তালুকদাৰে উন্মোচন কৰে৷গ্ৰন্থ উন্মোচনী
সভাত বিশিষ্ট সাহিত্যিক ইমৰান হুছেইন,চিচিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মূলাৰাম দত্ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷ড° নৰনাৰায়ণ মহন্তই ৰচনা কৰা “এজন অধ্যাপকৰ আত্মকথা” গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সংগীতশিল্পী ডা° অঞ্জনজ্যোতি চৌধুৰীয়ে উন্মোচনী ভাষণ প্ৰদান কৰাৰ লগতে ড° ভূপেন হাজৰিকাৰ “চিৰ যুগমীয়া ঢৌ “তুলি শীৰ্ষক গীতটিও পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে৷

বৰ্তমান সময়ত শাৰীৰিক অসুস্থতাৰ বাবে আনৰ সহায় নোলোৱাকৈ প্ৰাত্যহিক একো কামেই কৰিব নোৱাৰা ,এখন হুইলচেয়াৰকে সাৰথি কৰি চলা-ফুৰা কৰা অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ এসময়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° নৰনাৰায়ণ মহন্তৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰি সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে এয়া সমাজ জীৱনৰ বাবে প্ৰেৰণাদায়ক কথা বুলি মন্তব্য আগবঢ়ায়৷
সাংবাদিক-লেখিকা দৰ্শনা বৰুৱাই আঁতধৰা এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত চিকিৎসক ডা° কংকনা মহন্ত,লেখক বিৰিঞ্চি মহন্ত,বিচিত্ৰা দত্ত,মাতু কুকুৰাচোৱা আদিকে ধৰি বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.