দিল্লীৰ ৰাজপথত গুলীয়াই হত্যা কৰিলে এজন অধিবক্তা।
নাম অধিবক্তা বীৰেন্দ্ৰ কুমাৰ নৰৱাল। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, হঠাতে এখন বাইকত অহা দুজন লোক আহি অধিবক্তাজনক আক্ৰমণ কৰে। শনিবাৰে দিল্লীৰ দ্বাৰকা অঞ্চলত সংঘটিত হয় এই ঘটনা। সহকৰ্মী হত্যাৰ প্ৰতিবাদত কাইলৈ জিলা আদালতত দিল্লীৰ অধিবক্তাই নিজৰ কাম বন্ধ কৰিব। সহকৰ্মীৰ হত্যাৰ প্ৰতিবাদ হিচাপে তেওঁলোকে এই পথ বাছি লৈছে। দিল্লীৰ সকলো জিলা উকীল সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি নতুন দিল্লী উকীল সন্থাই প্ৰকাশ কৰিছে।
ইতিমধ্যে আৰক্ষীয়ে বীৰেন্দ্ৰ কুমাৰৰ হত্যাকাণ্ডৰ গোচৰত দুয়োজন ব্যক্তিক চিনাক্ত কৰিছে। জনা যায় যে তেওঁলোকৰ নাম নৰেশ আৰু প্ৰদীপ। জনা যায় যে প্ৰদীপ নামৰ এই ব্যক্তিজনৰ লগত অধিবক্তাজনৰ বহু বছৰ ধৰি বিবাদ আছিল। সূত্ৰ অনুসৰি ইয়াৰ পূৰ্বে ২০১৭ চনত তেওঁ অধিবক্তাজনক হত্যা কৰাৰ চেষ্টা কৰিছিল।কিন্তু তেওঁ প্ৰাণ বচাই পলায়ন কৰিছিল। তেতিয়া তেওঁৰ গাড়ীৰ চালকজন আহত হয়। কিন্তু এইবাৰ তেওঁক হত্য কৰিলে।