এক আচৰিত হ’বলগীয়া খবৰ, কিন্তু ভাৰতৰ নহয়। চীন চৰকাৰে এনে সিদ্ধান্ত লৈছে। জন্মৰ হাৰ বৃদ্ধিৰ বাবে চীন চৰকাৰে এনে এক অভূতপূৰ্ব সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে। এইদৰেই চীনে জনসংখ্যাৰ ভাৰসাম্যতা ৰক্ষাৰ উদ্যোগ লৈছে। জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ চৰকাৰে পৰামৰ্শ দিছে।

জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ ইজনে সিজনৰ সম্পৰ্ক গঢ়ি তুলিব লাগিব। ফলত চীনৰ ৯খন কলেজ আৰু বিশ্ববিদ্যালয়ে সেই দিশত অনুপ্ৰেৰণা যোগাবলৈ অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে। এপ্ৰিল মাহত ছাত্ৰ-ছাত্ৰীসকলক ৰাজহুৱা বন্ধৰ দিন দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল, যাতে যুৱক-যুৱতীসকলে প্ৰেমত পৰে, আৰু সম্পৰ্কটো শেষৰ ফালে লৈ যায়।
চীনৰ ফাং মি এডুকেচন গ্ৰুপে প্ৰথমে এই পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁলোকৰ অধীনত থকা মিয়ানয়াং ফ্লাইং ভকেচনেল কলেজে ২১ মাৰ্চত বসন্তকালীন ছুটীৰ ঘোষণা কৰে। এই বন্ধৰ দিনত প্ৰেম, সম্পৰ্কক অগ্ৰাধিকাৰ দিয়া হয়। এই বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলক প্ৰেমত পৰিবলৈ, সম্পৰ্কৰ জটিলতা সমাধান কৰিবলৈ, আপোনজনৰ সৈতে অকলে সময় কটাবলৈ কোৱা হয়। ১ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ পুনৰ চলি আছে।
কলেজখনৰ ডেপুটি ডীন লিয়াং গুওহুইয়ে লিখিত বিবৃতিত কয় যে, “আশাকৰোঁ ছাত্ৰ-ছাত্ৰীসকলে সেউজীয়া চাবলৈ যাব, পাহাৰত খোজ কাঢ়িব আৰু বসন্ত উপভোগ কৰিব।” ই কেৱল ছাত্ৰ-ছাত্ৰীৰ মন বহল কৰাই নহয়, শ্ৰেণীকোঠাও সমৃদ্ধ হ’ব। মূলতঃ চীনত ‘এক শিশু’ নীতি বহুদিনৰ পৰাই চলি আহিছে। সেই যুগত বেছিভাগ দম্পতীয়ে কন্যাতকৈ পুত্ৰ বিচাৰিছিল। ফলত চীনত ছোৱালীতকৈ ল’ৰাৰ সংখ্যা অধিক বৃদ্ধি পাইছে। ছোৱালীৰ সংখ্যা কমি অহাৰ লগে লগে ল’ৰাবোৰে বিবাহৰ বাবে যথেষ্ট প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হৈছে। গ্ৰামাঞ্চলসমূহত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।