আজি ওদালগুৰিৰ পানেৰী চাহ বাগিচাত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক

নিউজ ডেস্ক, ২ এপ্ৰিলঃ আজি ওদালগুৰিৰ পানেৰী চাহ বাগিচাত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক। চাহ উদ্যোগৰ ২০০ বছৰ বৰ্ষপূৰ্তি উপলক্ষে এই সিদ্ধান্ত। প্ৰথমবাৰৰ বাবে চাহ বাগিচাত আয়োজন কৰা হৈছে কেবিনেট বৈঠকৰ। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সমষ্টি পানেৰীত সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব বৈঠকখন।

উল্লেখ্য যে, আজিৰ কেবিনেট অনুষ্ঠিত হ’বলগীয়া পানেৰী টি গাৰ্ডেনৰ ক্লাবটো ব্ৰিটিছ যুগতে প্ৰতিষ্ঠা হোৱা ৰাজ্যখনৰ অন্যতম পুৰণি ক্লাব ।

AssamAssamese NewsCabinet MeetingDaily time axomHimanta Biswa SarmaIndiaNorth East